বালি ভাষা
অৱয়ব
বালি ভাষা বা বালিনীজ ভাষা (ইংৰাজী: Balinese language / বালি ভাষা: ᬪᬵᬱᬩᬮᬶ ᬩᬲᬩᬮᬶ; Basä Bali) হৈছে এটা মালয়ো-পলিনেছিয়ান ভাষা, যি অষ্ট্ৰ'নেছিয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত। ইণ্ডোনেছিয়াৰ বালি দ্বীপত থকা বালি জনসাধাৰণে এই ভাষা কয়৷ এই ভাষা বালিনীজ আৰু লেটিন দুয়োটা লিপিৰে লিখা হয়৷[1] বেছিভাগ বালি ভাষীয়ে ইণ্ডোনেছিয়ান ভাষাও ব্যৱহাৰ কৰে। ২০০০ চনৰ ৰাষ্ট্ৰীয় লোকপিয়লত ৩৩ লাখ লোকে বালি ভাষা কয়, অৱশ্যে বালি সাংস্কৃতিক সংস্থাই ২০১১ চনত অনুমান কৰিছিল যে এতিয়া দৈনন্দিন জীৱনত বালি ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা ১০ লাখৰ তলত। ভাষাটোক Glottolog দ্বাৰা "বিপন্ন নহয়" হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। বালি ভাষাৰ মূল উপভাষা দুটা, হাইলেণ্ড উপভাষা আৰু লোলেণ্ড উপভাষা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bali | Ethnologue Free" (en ভাষাত). Ethnologue (Free All). https://www.ethnologue.com/language/ban/। আহৰণ কৰা হৈছে: 2023-12-06.