সমললৈ যাওক

পংকজ ত্ৰিপাঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
পংকজ ত্ৰিপাঠী
জন্ম পংকজ ত্ৰিপাঠী
৫ ছেপ্টেম্বৰ,১৯৭৬
গোপালগঞ্জ, বিহাৰ, ভাৰত
শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লী
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০৪-

পংকজ ত্ৰিপাঠী (ইংৰাজী: Pankaj Tripathi) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। হিন্দী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ২০০৪ চনত মুক্তিপ্ৰাপ্ত ৰাণ নামৰ হিন্দী ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে। ২০১২ চনত মুক্তিপ্ৰাপ্ত গেংছ অৱ্ ৱাছেপুৰ নামৰ চলচ্চিত্ৰ ছিৰিজখনৰ যোগেদি তেওঁ চলচ্চিত্ৰপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

জন্ম আৰু শিক্ষা

১৯৭৬ চনত বিহাৰগোপালগঞ্জ জিলাৰ এক হিন্দু ব্ৰাহ্মণ পৰিয়ালত পংকজ ত্ৰিপাঠীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম বাৰাণশ ত্ৰিপাঠী আৰু মাতৃৰ নাম হেমৱন্তী দেৱী। ত্ৰিপাঠীৰ পিতৃ এগৰাকী কৃষক আৰু পুৰোহিত আছিল।[1] শৈশৱতে ত্ৰিপাঠীয়ে নিজৰ গাঁ‌ৱত হোৱা নাটকসমূহত মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু গাঁ‌ওবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এই কথাটোৱ তেওঁক পৰৱৰ্তী সময়ত অভিনয়ত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।[2] ইয়াৰপাছত তেওঁ পাটনালৈ যায় আৰু ইনষ্টিটিউট অৱ্ হোটেল মেনেজমেণ্ট,হাজিপুৰত পঢ়িবলৈ লয়। কলেজীয়া দিনত ত্ৰিপাঠী সক্ৰিয়ভাৱে ৰাজনীতি আৰু নাটকৰ লগত জড়িত আছিল।[3] অভিনয়ত সফলতা লাভ কৰিব নোৱাৰিব বুলি ভাৱি ত্ৰিপাঠীয়ে এখন পঞ্চতাৰকাযুক্ত হোটেলত কাম কৰিবলৈ লয়। সাত বছৰ এনেকৈ কাম কৰাৰ পাছত তেওঁ দিল্লীলৈ যায় আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ২০০৪ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[4][5]

অভিনয় জীৱন

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতে তেওঁ নিজকে সাজু কৰি মুম্বাইলৈ আহে। সেই সময়ত তেওঁ‌ কিছুমান সৰু সৰু চৰিত্ৰ কৰিবলৈ পায়। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ৰাণত তেওঁৰ চৰিত্ৰটোৰ মাত্ৰ দুটা দৃশ্য আছিল আৰু চৰিত্ৰটোৰ কোনো নাম নাছিল।[6] ত্ৰিপাঠীয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰামতে তেওঁ‌ অভিনয়ৰ বাবে কৰা সংগ্ৰামখনত তেওঁ কেতিয়াও সহানুভূতিৰ দৃষ্টিৰে নাচাইছিল। তেওঁৰ দৃঢ়বিশ্বাস আছিল যে সফলতা আহিবই।[7]২০১২ চনত মুক্তিপ্ৰাপ্ত গেংছ অৱ্ ৱাছেপুৰ নামৰ চলচ্চিত্ৰ ছিৰিজ খনৰ জৰিয়তে তেওঁ চিত্ৰপ্ৰেমী আৰু চিত্ৰসমালোচকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এই চিনেমাখনত অভিনয়ৰ বাবে তেওঁ আঠ ঘণ্টা পৰ্যন্ত অ'ডিচন দিব লগাত পৰিছিল।[8][9]

অভিনয় জীৱনৰ আৰম্ভণিতে অধিকাংশ ঋণাত্মক বা ভিলেইন চৰিত্ৰ ৰূপায়ণ কৰা ত্ৰিপাঠী বাস্তৱ জীৱনত এগৰাকী ৰসিক মানুহ। তেওঁ এক সাক্ষাৎকাৰত উল্লেখ কৰামতে জনসাধাৰণে তেওঁ কৰা ঋণাত্মক চৰিত্ৰবোৰক প্ৰশংসা কৰিলে তেওঁ‌ অলপ অস্বস্তিবোধ কৰে। ত্ৰিপাঠীয়ে উল্লেখ কৰা মতে পৰ্দাত ৰূপায়ণ কৰা প্ৰতিটো চৰিত্ৰৰ জৰিয়তেহে আচলতে এগৰাকী অভিনেতাৰ অভিনয় কলাৰ বিকাশ সাধন হয়। তেওঁ কয়, "মই কৰা প্ৰতিটো ঋণাত্মক চৰিত্ৰতে মই চৰিত্ৰটোৰ মানৱীয় দিশটো প্ৰকাশ কৰিবলৈ যত্ন কৰো। কিয়নো বাস্তৱত কোনো ব্যক্তিয়েই ভিলেইন নহয় বা কোনো ব্যক্তিয়েই হিৰ'ও নহয়। প্ৰত্যেক ব্যক্তিয়েই ভাল-বেয়াৰ এক ধূসৰিত অৱস্থাত জীয়াই থাকে। " মাচান চলচ্চিত্ৰখনৰ তেওঁ অভিনয় কৰা সদ্ধ্যা জী নামৰ চৰিত্ৰটোৰ লগত তেওঁৰ ব্যক্তিত্বৰ মিল আছে বুলি ত্ৰিপাঠীয়ে উল্লেখ কৰে।[10]

২০১৭ চনত মুক্তিপ্ৰাপ্ত গুৰগাঁ‌ও নামৰ চলচ্চিত্ৰখনত তেওঁ প্ৰথমবাৰলৈ প্ৰধান চৰিত্ৰত অভিনয় কৰে।[11]২০১৭ চনত মুক্তিপ্ৰাপ্ত তেওঁ আন এখন ছবি নিউটনে অকাডেমী বঁ‌টাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ শিতানত ভাৰতৰ হৈ আনুষ্ঠানিক প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।[12]

২০১৮ চনত মিৰ্জাপুৰ নামৰ এখন ৱেবছিৰিজটো তেওঁ অভিনয় কৰে।[13]

চলচ্চিত্ৰপঞ্জী

সংকেত
Films / Dramas that are not yet released সূচায় / মুক্তি নোপোৱা চলচ্চিত্ৰ/নাটক

চলচ্চিত্ৰ

চন চলচ্চিত্ৰ চৰিত্ৰ টোকা
2003 চিৰুগুড়িয়া কানাছো Shankar College Friend (কানাড়া চলচ্চিত্ৰ)
2004 Run|ৰাণ
2005 Apaharan Gaya Singh's Crony
2006 Omkara Kichlu
2007 Dharm Suryaprakash
2008 Mithya Tipnis
Shaurya Major Virendra Rathore
2009 Chintu Ji Paplu Yadav
Barah Aana Inspector
2010 Valmiki Ki Bandook BDO Tripathi Short film
Raavan
Aakrosh Kishore
2011 Chillar Party Secretary Dubey
2012 Agneepath Surya
Gangs of Wasseypur – Part 1 Sultan Qureshi
Gangs of Wasseypur – Part 2
Dabangg 2 Filawar
2013 ABCD: Any Body Can Dance Vardha Bhai
Rangrezz Brijbihari Pande
Fukrey Pandit
Anwar Ka Ajab Kissa Amol
Maazii Rathiji
Janta v/s Janardan – Bechara Aam Aadmi
Doosukeltha Dilleeswara Rao Telugu film
2014 Gunday Lateef
Singham Returns Altaf
2015 Manjhi – The Mountain Man Ruab
Life Biryani
Masaan Sadhya Ji
Dilwale Anwar
2016 Nil Battey Sannata Principal Srivastava
Global Baba Damru
Mango Dreams Salim English film
2017 Coffee with D Girdhari
Anaarkali of Aarah Rangeela
Newton Atma Singh
Gurgaon Kehri Singh
Bareilly Ki Barfi Narottam Mishra
Fukrey Returns Pandit
Munna Michael Balli
2018 Kaalakaandi
Kaala Pankaj Patil Tamil film
Angrezi Mein Kehte Hain Feroz
Phamous Tripathi
Stree Rudra
Harjeeta Coach Punjabi film
Bhaiaji Superhit Builder Gupta
Yours Truly Vijay World premiere at the 23rd BIFF in October 2018.[14]
2019 Luka Chuppi Babulal
The Tashkent Files Gangaram Jha
Super 30 Shri Ram Singh
Kissebaaz Chuttan Shukla
Arjun Patiala Film Producer Guest appearance
Drive Hamid
2020 Angrezi Medium Tony [15]
এক্সট্ৰেক্‌চন Ovi Mahajan Senior নেটফ্লিক্স Film[16]
গুঞ্জন সক্সেনা গুঞ্জনৰ পিতৃ নেটফ্লিক্স
Films / Dramas that are not yet releasedSandeep Aur Pinky Faraar Kartaar Singh Post-production
Films / Dramas that are not yet released83 Man Singh[17] Filming
Films / Dramas that are not yet releasedLudo TBA postponed.
Films / Dramas that are not yet released Romeo TBA Pre-Production
Films / Dramas that are not yet released Mumbai Saga Devraj Chaudhary Filming

টেলিভিছন

চন শিৰোনাম চৰিত্ৰ নেটৱ'ৰ্ক টোকা
2010–11 Zindagi Ka Har Rang...Gulaal Giga Kaka ষ্টাৰ প্লাছ
2010 Powder|পাউদাৰ Naved Ansari Sony TV|ছ'নী টিভি
2015–16 সৰোজিনী Dushyant Singh জী টিভি

ৱেব-ছিৰিজ

চন শিৰোনাম চৰিত্ৰ প্লেটফ'ৰ্ম টোকা
2018–2019 Sacred Games|ছেক্ৰেড গেম্‌ছ গুৰুজী নেটফ্লিক্স
2018–present Mirzapur|মিৰ্জাপুৰ Akhandanand "Kaleen" Tripathi প্ৰাইম ভিডিঅ'
2019 Criminal Justice|ক্ৰিমিনেল জাষ্টিছ মাধৱ মিশ্ৰ হটষ্টাৰ [18]

বঁ‌টা/সন্মান

  • নিউটন (হিন্দী) চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁ‌টাৰ বিশেষ উল্লেখ[19][20]
  • নিউটন (হিন্দী) চলচ্চিত্ৰৰ বাবে News18 REEL Movie Awards ৰ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ ৰ্বঁ‌টা[21]
  • মিৰ্জাপুৰ ৱেবছিৰিজৰ বাবে iReel Awards ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান[22]
  • স্ত্ৰী চলচ্চিত্ৰৰ বাবে Screen Award (২০১৮)ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান
  • স্ত্ৰী চলচ্চিত্ৰৰ বাবে Zee Cine Award (2019) ৰ শ্ৰেষ্ঠ সংলাপৰ সন্মান

তথ্যসূত্ৰ

  1. https://www.thebetterindia.com/133177/pankaj-tripathi-interview/
  2. "Oscar में इस बिहारी एक्टर की मूवी, अभी भी मिट्टी के चूल्हे पर बनता है खाना" (hi ভাষাত). dainikbhaskar. 22 September 2017. https://www.bhaskar.com/news/BIH-PAT-HMU-pankaj-tripathi-newton-nominated-for-oscar-5702111-PHO.html। আহৰণ কৰা হৈছে: 29 September 2017. 
  3. "Story of Pankaj Tripathi: From jail cell, hotel kitchen to big screen - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/story-of-pankaj-tripathi-from-jail-cell-hotel-kitchen-to-big-screen/articleshow/64529484.cms। আহৰণ কৰা হৈছে: 2020-05-19. 
  4. Danish Raza (5 August 2017). "Pankaj Tripathi, the scene-stealer of ‘Gurgaon’". Hindustan Times. http://www.hindustantimes.com/bollywood/pankaj-tripathi-the-scene-stealer-of-gurgaon/story-47lVowafdXhQJKUQPbelJJ.html। আহৰণ কৰা হৈছে: 29 September 2017. 
  5. Ramnath, Nandini (20 April 2016). "The Pankaj Tripathi interview: ‘The audience should be in the same room as the character’". Scroll.in. https://thereel.scroll.in/806894/the-pankaj-tripathi-interview-the-audience-should-be-in-the-same-room-as-the-character। আহৰণ কৰা হৈছে: 30 September 2017. 
  6. "'Tripathi bach jayega! ' Decoding Pankaj Tripathi and why India's drooling over this middle-aged guy". www.dailyo.in. https://www.dailyo.in/arts/pankaj-tripathi-sacred-games-2-what-makes-india-drool-over-a-middle-aged-man-nmo/story/1/31932.html। আহৰণ কৰা হৈছে: 2020-03-18. 
  7. Kaushal, Ruchi (28 January 2017). "'Nil Battey Sannata' is my story: Pankaj Tripathi – Times of India". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Nil-Battey-Sannata-is-my-story-Pankaj-Tripathi/articleshow/51940287.cms। আহৰণ কৰা হৈছে: 29 September 2017. 
  8. Joshi, Namrata (19 September 2017). "Acting is like a journey into unexplored terrain, says Pankaj Tripathi". The Hindu. http://www.thehindu.com/entertainment/movies/acting-is-like-a-journey-into-unexplored-terrain/article19715919.ece। আহৰণ কৰা হৈছে: 29 September 2017. 
  9. "Kaala Karikaalan actor Pankaj Tripathi: Gurgaon is a very special film for me". The Indian Express. 8 July 2017. http://indianexpress.com/article/entertainment/bollywood/gangs-of-wasseypur-actor-pankaj-tripathi-gurgaon-is-a-very-special-film-for-me-4741452/। আহৰণ কৰা হৈছে: 1 October 2017. 
  10. "Don’t like people appreciating my negative roles: Pankaj Tripathi". The Indian Express. 30 April 2016. http://indianexpress.com/article/entertainment/bollywood/dont-like-people-appreciating-my-negative-roles-pankaj-tripathi-2777706/। আহৰণ কৰা হৈছে: 1 October 2017. 
  11. "Gurgaon movie review: You wouldn’t want to be trapped in this dark, mean world" (en ভাষাত). Hindustan Times. 2017-08-03. https://www.hindustantimes.com/movie-reviews/gurgaon-movie-review-pankaj-tripathi-shines-in-this-dark-twisted-and-mean-family-saga/story-6jMs24f6w389sPYzbKlIUJ.html। আহৰণ কৰা হৈছে: 2020-03-18. 
  12. "‘Newton’ is India’s official entry to Oscars 2018". The Hindu. 22 September 2017. http://www.thehindu.com/entertainment/movies/newton-indias-official-entry-for-the-oscars/article19734480.ece। আহৰণ কৰা হৈছে: 30 September 2017. 
  13. "Mirzapur Review: Pankaj Tripathi and Ali Fazal's web series is an entertaining gorefest" (en ভাষাত). www.timesnownews.com. https://www.timesnownews.com/entertainment/reviews/movies/article/mirzapur-review-pankaj-tripathi-and-ali-fazals-web-series-is-an-entertaining-gorefest/315481। আহৰণ কৰা হৈছে: 2020-05-03. 
  14. "Busan Film Festival official site". Archived from the original on 6 September 2018. https://web.archive.org/web/20180906161709/http://www.biff.kr/eng/html/program/prog_view.asp?idx=36923&c_idx=319&sp_idx=&QueryStep=2। আহৰণ কৰা হৈছে: 3 January 2019. 
  15. "Pankaj Tripathi joins the cast of Irrfan Khan’s Angrezi Medium". Indian Express. 13 April 2019. https://indianexpress.com/article/entertainment/bollywood/pankaj-tripathi-irrfan-khan-angrezi-medium-5673783/। আহৰণ কৰা হৈছে: 14 April 2019. 
  16. "‘Extraction’ trailer: Chris Hemsworth is all guns blazing in thrill-a-minute first look of Netflix film". The Hindu. 7 April 2020. https://www.thehindu.com/entertainment/movies/extraction-trailer-chris-hemsworth-is-all-guns-blazing-in-thrill-a-minute-first-look-of-netflix-film/article31278667.ece। আহৰণ কৰা হৈছে: 7 April 2020. 
  17. "The man of the moment, @TripathiiPankaj, will inspire everyone with his role of #ManSingh. #CastOf83". Reliance Entertainment Twitter. 7 February 2019. https://mobile.twitter.com/RelianceEnt/status/1093381845230641157। আহৰণ কৰা হৈছে: 18 February 2019. 
  18. Rao, Soumya (1 April 2019). "‘No one’s seen me in such a role’: Pankaj Tripathi on playing a lawyer in ‘Criminal Justice’". Scroll.in. https://scroll.in/reel/918450/no-ones-seen-me-in-such-a-role-pankaj-tripathi-on-playing-a-lawyer-in-criminal-justice। আহৰণ কৰা হৈছে: 1 April 2019. 
  19. Desk, The Hindu Net (13 April 2018). "Sridevi wins posthumous National Award for 'Mom': Here is the full list of awardees". The Hindu. http://www.thehindu.com/entertainment/movies/national-film-awards-2018-the-full-list-of-winners/article23522408.ece. 
  20. "Pankaj Tripathi Gets A Special Mention For His Performance In Newton At 65Th National Awards". Deccan Chronicle. 14 April 2018. Archived from the original on 15 April 2018. https://web.archive.org/web/20180415083906/https://deccanchronicle.com/videos/pankaj-tripathi-gets-a-special-mention-for-his-performance-in-newton-at-65th-national-awards.html. 
  21. "VIDEO: News18 REEL Movie Awards I Pankaj Tripathi Wins Best Supporting Actor for Newton". News18. https://www.news18.com/news/india/video-news18-reel-movie-awards-i-pankaj-tripathi-wins-best-supporting-actor-for-newton-1694565.html. 
  22. "iReel Awards 2019: Pankaj Tripathi Beats Sacred Games 2 co-star Nawazuddin Siddiqui to win Best Actor (Drama) for Mirzapur". News18. https://www.news18.com/news/movies/ireel-awards-2019-pankaj-tripathi-beats-sacred-games-2-co-star-nawazuddin-siddiqui-to-win-best-actor-drama-for-mirzapur-2319863.html। আহৰণ কৰা হৈছে: 2019-09-23.