সমললৈ যাওক

দশৰথ মাঝি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
03:05, 10 November 2023-ত InternetArchiveBot (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (Rescuing 2 sources and tagging 0 as dead.) #IABot (v2.0.9.5)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)

স্থানাংক: 24°52′38″N 85°14′35″E / 24.877093°N 85.242956°E / 24.877093; 85.242956

দশৰথ মাঝি

দশৰথ মাঝি
জন্ম 1934
গেহলুৰ, বিহাৰ, ভাৰত
মৃত্যু ১৭ আগষ্ট, ২০০৭
নতুন দিল্লী, ভাৰত
মৃত্যুৰ কাৰণ কৰ্কট ৰোগ
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
অন্য নাম The Mountain Man
জনা যায় অকলেই এটা পৰ্বত কাটি তাৰ মাজেৰে ৰাস্তা উলিয়াইছিল
দাম্পত্যসঙ্গী ফাল্গুনি দেৱী


দশৰথ মাঝি ( ১৯৩৪ [1] – ১৭ আগষ্ট, ২০০৭[2]), (মাউন্টেইন মেন হিচাপে বিখ্যাত)[3] বিহাৰগয়াৰ সমীপৰ গেহলুৰ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল৷[1][4] সুদীৰ্ঘ ২২ বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটো তেওঁ পাহাৰৰ মাজেৰে বাট কাটি ১৫ কি মি ত পৰিণত কৰিলে৷[5]

১৯৫৯ চনত দশৰথৰ পত্নীৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল৷ ৭০ কি মি দূৰত থকা চহৰলৈ যাতায়তৰ সূচল ব্যৱস্থা নথকাৰ বাবেই পত্নীৰ মৃত্যু হোৱাত দশৰথে সেই পথত থকা পাহাৰটো কাটি এটা চমু পথ উলিওৱাৰ পণ কৰিলে আৰু অকলে কেৱল এটা হাতুৰী আৰু বটালী লৈ সুদীৰ্ঘ ২২ বছৰ জোৰা কামৰ অন্তত ৫৫ কিঃমিঃ দৈঘ্যৰ পথটো মাথো ১৫ কিঃ মিঃ ত পৰিণত কৰিলে যাতে গাঁৱৰ অন্য সকলে তেওঁৰ দৰেই ভুগিব লগা নহয়৷[1]

দশৰথ মাঝিয়ে ধানবাদৰ কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাজে মাজে তেওঁ ঘৰলৈ আহে আৰু এটা পথ নিৰ্মাণৰ বাবে ১১০ মিটাৰ দীঘল, ৭.৭ মিটাৰ গভীৰ আৰু ৯.১ মিটাৰ বহল গেহল'ৰ পাহাৰটোৰ শিল কাটে৷[6] তেওঁ কৈছিল, "মই যেতিয়া শিল কটা আৰম্ভ কৰিছিলো, মানুহে মোক পাগল বুলি কৈছিল, কিন্তু মই মনোবল হেৰুওৱা নাছিলো৷" সুদীৰ্ঘ ২২ বছৰৰ অন্তত (১৯৬০-১৯৮২) তেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫ কিলো মিটাৰৰ পৰা ১৫ কিলো মিটাৰ কৰি তেওঁ সমগ্ৰ গেহলুৰৰ গাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷[2][7] মাঝিয়ে লগতে কৈছিল, "যদিও বহুত লোকে মোৰ এই কামক উপলুঙা কৰিছিল, বহুতো গাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সঁজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷"[8][9]

২০০৭ চনৰ ১৭ আগষ্টত ৭৩ বছৰ বয়সত মাঝিৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত মাঝি গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত হৈ এইমচ,নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল৷[10] তেওঁক বিহাৰ চৰকাৰে ৰাজ্যিক সন্মানেৰে অন্তিম সন্মান জনায়৷

বিহাৰ চৰকাৰে ২০০৬ চনত মাউন্টেইন মেন হিচাপে খ্যাত মাঝিৰ নাম পদ্মশ্ৰী বটাৰ প্ৰস্তাব কৰিছিল৷ [11] সেই সময়ৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মাঝিৰ নামত গেহলুৰৰ পৰা এটা ৩ কিলো মিটাৰ দৈঘ্যৰ ৰাস্তা নিৰ্মান কৰা তথা গাওঁখনত তেওঁৰ নামত এখন চিকিৎসালয় খোলাৰ প্ৰস্তাব দিছিল৷

জনপ্ৰিয় মাধ্যমত

[সম্পাদনা কৰক]

২০১২ চনৰ জুলাইত চলচ্চিত্ৰ পৰিচালক কেটান মেহতা (Ketan Mehta)ই দশৰথ মাঝিৰ জীৱনৰ আধাৰত মাঝি (Manjhi) নামৰ এখন চলচ্চিত্ৰৰ কথা ঘোষণা কৰে৷ এই চলচ্চিত্ৰখনে ২০১৫ চনৰ ২১ আগষ্টত মুক্তি লাভ কৰে৷ মৃত্যুশয্যাৰ পৰাই দশৰথ মাঝিয়ে তেওঁৰ জীৱনৰ আধাৰত এই চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে বুলি জনা যায়৷ [12] নৱাজুদ্দিন চিদ্দিকি (Nawazuddin Siddiqui) -য়ে মাঝি আৰু ৰাধিকা আপ্টেই তেওঁৰ পত্নী ফাল্গুণী দেৱীৰ ভূমিকাত অৱতীৰ্ণ হ’ব৷ [13]

আমিৰ খান দূৰদৰ্শন ধাৰাবাহিক সত্যমেয় জয়তেৰ দ্বিতীয় ভাগত ২০১৪ ৰ মাৰ্চ মাহত প্ৰচাৰিত খণ্ডটো দশৰথ মাঝিৰ নামত উৎসৰ্গা কৰা হয়৷[14][15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Love's labour brings down hill". The Indian Express. 24 May 1997. Archived from the original on 2012-11-04. https://web.archive.org/web/20121104140721/http://www.expressindia.com/news/ie/daily/19970524/14450813.html। আহৰণ কৰা হৈছে: 2012-09-22. 
  2. 2.0 2.1 "Mountain man Dashrath Manjhi dies in Delhi". Hindustan Times. 17 August 2007. Archived from the original on 2013-01-19. https://web.archive.org/web/20130119111132/http://www.hindustantimes.com/India-news/Bihar/Mountain-man-Dashrath-Manjhi-dies-in-Delhi/Article1-242990.aspx। আহৰণ কৰা হৈছে: 2012-09-22. 
  3. Society (28 September 2007). "The Mountain Man". The Viewspaper. Archived from the original on 2012-10-26. https://web.archive.org/web/20121026004432/http://theviewspaper.net/the-mountain-man/। আহৰণ কৰা হৈছে: 2012-09-22. 
  4. "The man who made way for progress". The Indian Express. 1 July 2012. http://www.indianexpress.com/news/the-man-who-made-way-for-progress/968751/0। আহৰণ কৰা হৈছে: 2012-09-22. 
  5. "Dashrath Manjhi, rock star and film muse". http://scroll.in/article/742669/dashrath-manjhi-the-man-who-moved-a-mountain-one-rock-at-a-time-and-inspired-filmmakers। আহৰণ কৰা হৈছে: 21 July 2015. 
  6. Location of cut-through: 24°52′38″N 85°14′35″E / 24.877093°N 85.242956°E / 24.877093; 85.242956
  7. "CM visits ailing Dashrath Manjhi". The Times of India. 23 July 2007. Archived from the original on 2013-10-29. https://web.archive.org/web/20131029183919/http://articles.timesofindia.indiatimes.com/2007-07-23/patna/27991900_1_cm-visits-pmch-superintendent-cm-nitish-kumar. 
  8. "Man in India Carved 360 feet". Archived from the original on 2013-05-29. https://web.archive.org/web/20130529220537/http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html। আহৰণ কৰা হৈছে: 2015-08-18. 
  9. "How A Man Built A Road on the Mountain Without Support". Be A Light to the World. 22 April 2014. http://www.awazieikechi.com/man-built-road-mountain-without-support/. 
  10. santosh, singh. "the man who made way for progress". http://archive.indianexpress.com/news/the-man-who-made-way-for-progress/968751. 
  11. "Dashrath Manjhi". Archived from the original on 29 May 2013. https://web.archive.org/web/20130529220537/http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html। আহৰণ কৰা হৈছে: 26 December 2012. 
  12. "Never underestimate the power of one". http://greenyatrablog.com/dashrath-manjhi-man-moved-mountain-mountain-man/। আহৰণ কৰা হৈছে: 26 February 2014. 
  13. "Nawazuddin to play lead in Ketan Mehta's Mountain Man". Bollywood Hungama. 16 August 2002. http://www.bollywoodhungama.com/news/1552409/Olave। আহৰণ কৰা হৈছে: 28 January 2013. 
  14. "Dasrath Manjhi's family awaits Aamir Khan to tell his glorious Tale". news.biharprabha.com. http://news.biharprabha.com/2014/02/dasrath-manjhis-family-awaits-aamir-khan-to-tell-his-glorious-tale/। আহৰণ কৰা হৈছে: 24 February 2014. 
  15. Kumar, Ruchir. "I am trying to be like Manjhi". Archived from the original on 27 February 2014. https://web.archive.org/web/20140227153259/http://www.hindustantimes.com/entertainment/television/i-am-trying-to-be-like-dashrath-manjhi-aamir-khan/article1-1188949.aspx#sthash.U7hXJJzt.dpuf। আহৰণ কৰা হৈছে: 27 February 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]