ডিব্ৰুগড় টাউন ৰেল ষ্টেচন
ডিব্ৰুগড় টাউন ভাৰতৰ ৰেল ষ্টেচন | |
---|---|
ষ্টেচনৰ তথ্য | |
ঠিকনা | RKB পথ, ডিব্ৰুগড়, অসম ভাৰত |
স্থানাংক | 27°28′40″N 94°53′59″E / 27.4779°N 94.8998°Eস্থানাংক: 27°28′40″N 94°53′59″E / 27.4779°N 94.8998°E |
উচ্চতা | ১০৮ মিটাৰ (354 ফুট) |
সংযোগ | Auto stand |
গঠনৰ প্ৰকাৰ | Standard (on ground station) |
প্লে'টফৰ্ম | 3 |
ট্ৰেক | 6 (Single Diesel-Line) |
পাৰ্কিং | No |
চাইকেলৰ সুবিধা | No |
আন তথ্য | |
Electrified | No |
ষ্টেচন ক'ড | DBRT |
মণ্ডল | Northeast Frontier |
ডিভিজন | Tinsukia railway division |
অধিকাৰিত্ব | Indian Railways |
অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ষ্টেচন স্থিতি | সক্ৰিয় |
অৱস্থান | |
ইতিহাস
১৮৭০ৰ দশকত অবিভক্ত ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিছাৰ উত্পাদিত সামগ্ৰী, চাহবাগিছাৰ বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি কঢ়িয়াবলৈ এটা ৰেলপথ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছিল। সেইমৰ্মে ৩০ জুলাই ১৮৮১ত 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ডিবৰুমুখৰ পৰা লিডুলৈ এটা ষ্টেণ্ডাৰ্ড গেজ (১ মিটাৰ বহল) ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হয়। ১ মে' ১৮৮২ৰ দিনা ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলোৱা হয়। ইতিমধ্যে মাকুমলৈ ৰেলপথচোৱা নিৰ্মাণৰ কাম সমাপ্ত হোৱাত ১৬ জুলাই ১৮৮৩ৰ পৰা ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। ডিব্ৰুগড় টাউন এই ৰেলপথচোৱাৰ দ্বিতীয় ষ্টেচন আছিল। ‘৫০ৰ বৰভূঁইকুপৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ডিব্ৰুমুখ ষ্টেচনটো জাহ যোৱাত ডিব্ৰুগড় টাউন এটা টাৰ্মিনাচ ষ্টেচন হয়গৈ।[1]
কুৰি শতিকাৰ শেহৰ দশকত লামডিং-ডিব্ৰুগড় ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰাৰ কাম চলে আৰু এই কাম ১৯৯৭ত সমাপ্ত হয়।[2] ইতিমধ্যে ডিব্ৰুগড়ক বগীবিল দলঙেৰে ৰঙাপাৰা-মুৰ্ককচেলেং ৰেলপথ আৰু শিমলুগুৰি-মৰাণহাট ৰেলপথৰ সৈতে সংযোগ কৰা প্ৰকল্প চলিবলৈ লোৱাত ডিব্ৰুগড়ৰ বাণীপুৰ অঞ্চলত এটা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ল আৰু ২০০৯ৰ ১৩ ডিচেম্বৰত এই ষ্টেচনটো মুকলি কৰা হ’ল।[3]
তথ্য উৎস
- ↑ ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা (চেপ্তেম্বৰ-অক্টোবৰ ২০০৭). "ব্ৰহ্মপুত্ৰ উপত্যাকাত ৰেলগাড়ী". মন্থন: ১৯, ২০.
- ↑ "Lumding Dibrugarh GC Project". Process Register. http://www.processregister.com/Lumding-Dibrugarh_G_C/Project/pid11580.htm। আহৰণ কৰা হৈছে: 13 May 2013.
- ↑ "Train services commence from New Dibrugarh junction". The Assam Tribune, 14 December 2009. http://www.assamtribune.com/scripts/details.asp?id=dec1409/State1। আহৰণ কৰা হৈছে: 13 May 2013.